তালিবানৰ আতংক, শৰণাৰ্থী শিবিৰে গঢ় দিয়া ডেনমাৰ্কৰ মহিলা ফুটবল তাৰকা নাদিয়া নাদিম

ফুটবলৰ আদিপাঠ তেওঁ লাভ কৰিছিল পিতৃৰপৰা । সেয়া আছিল তালিবান সন্ত্ৰাসবাদীয়ে আফগানিস্তান দখল কৰাৰ আগৰ যুগ। ১৯৮৮ চনত হেৰাতত জন্ম হোৱা নাডিয়া নাদিমৰ পিতৃ আছিল আফগান সেনাৰ জেনেৰেল । কিন্তু ১৯৯৬ চনত তালিবানে দেশখন দখল কৰি আফগানিস্তানক এখন উন্নত সভ্য দেশৰপৰা আদিম বৰ্বৰ দেশলৈ পৰিণত কৰিছিল । নাৰী হৈ পৰিছিল দ্বিতীয় শ্ৰেণীৰ নাগৰিক । নাৰীৰ শিক্ষা, খেলা-ধুলা সকলো নিষিদ্ধ হৈ পৰিছিল । কঠওৰ ইছলামিক শ্বৰীয়া আইনৰ অধীনত নাৰী হৈ পৰিছিল অসূৰ্যস্পৰ্শা ।  নাদিয়া আৰু তেওঁৰ ভনীয়কহঁতক তেওঁৰ পিতৃয়ে ফুটবল এনি দিছিল বাগিছাত লুকাই চুৰকৈ খেলিবলৈ । কিন্তু তালিবানৰ বৰ্বৰতাৰপৰা পৰিয়ালটো ৰক্ষা পৰা নাছিল ।

নাদিয়াৰ এঘাৰ বছৰ বয়সত তেওঁৰ পিতৃক তালিবানে বৰ্বৰভাৱে হত্যা কৰিছিল । এই খবৰ পৰিয়ালটোৱে পাইছিল ছমাহ পাছত ।

“আমাৰ পিতৃৰ হত্যাৰ পাছত আমাৰ পৰিয়ালৰ ছগৰাকীকৈ মহিলা অকলশৰীয়া হৈ পৰিল । মহিলা হোৱা বাবে তালিবানৰ শাসনত স্কুললৈ যোৱা, কাম কৰা আনকি পুৰুষ অবিহনে ৰাস্তালৈ ওলাই যোৱাৰো আমাৰ অধিকাৰ নাছিল । আমাৰ জীৱন হৈ পৰিল অন্ধকাৰাচ্ছন্ন ।” নাদিয়াই কয় ।

 

এদিন নাদিয়াৰ মাতৃ হামিল্ডাই জীয়ৰিহঁতক লৈ  দেশৰপৰা পলায়ন কৰাৰ সিদ্ধান্ত লৈছিল ।  পাকিস্তানী চোৰাং কাৰবাৰী এজনক ঘোচ দি ভূৱা পাৰপত্ৰ যোগাৰ কৰি এদিন ৰাতি আন্ধাৰৰ সুযোগ লৈ তেওঁ পলায়ন কৰিলে । পাকিস্তান হৈ প্ৰথমতে তেওঁলোক ইটালীলৈ গ’ল । ইটালীৰপৰা তেওঁলোক ওলাল লণ্ডন যাবলৈ । তাত তেওঁলোকৰ আত্মীয় পৰিয়াল এটা আছিল ।  তালৈ যাবলৈ এখন বাছত উঠিল । কিন্তু তেওঁলোক গৈ পালেগৈ ডেনমাৰ্কৰ এখন গাঁওঁ । উপায়ন্তৰ হৈ তেওঁলোকে এটা শৰণাৰ্থী শিবিৰত আশ্ৰয় ল’লে । শৰণাৰ্থী শিবিৰত থাকোঁতেই  নাদিয়া আৰু তেওঁৰ ভনীয়েকহঁতে মুকলি মনেৰে ফুটবল খেলাৰ লগতে  স্কুললৈ যাবলৈও আৰম্ভ কৰিলে ।

কিছুদিনৰ পাছতে পৰিয়ালটো শৰণাৰ্থী শিবিৰৰপৰা নিজা ঘৰলৈ যাবলৈ সক্ষম হ’ল । ডেনমাৰ্কৰ নাগৰিকত্বও লাভ কৰিলে পৰিয়ালটোৱে ।  ইতিমধ্যে নাদিয়াই এটা পেছাদাৰী ফুটবল ক্লাবত প্ৰশিক্ষণ ল’বলৈ ধৰিলে ।

শৰণাৰ্থী শিবিৰৰ অভিজ্ঞতা সুঁৱৰি নাদিয়াই কয়-

“মই হঠাৎ এনেকুৱা এটা শৰণাৰ্থী শিবিৰলৈ আহিলো য’ত খেলা-ধুলা, পঢ়া-শুনা সকলোবোৰৰ সুবিধা আছিল । মোৰ এনে লাগিল যেন মই আকৌ শৈশৱলৈ ঘুৰি গ’লো।”

ফুটবলৰ মাজত নাদিয়াই বিচাৰি পালে মুক্তিৰ পথ । লাহে লাহে তেওঁৰ খেল উন্নত হৈ আহিবলৈ ধৰিলে আৰু তেওঁ পেছাদাৰী ক্লাব বি ফিফটি টু আলবৰ্গত যোগদান কৰে । ইয়াৰ পাছত তেওঁ আইকে স্কভবাক্কেন, ফৰচুনা হ্যৰিং, স্কাই ব্লু , পৰ্টলেণ্ড থৰ্ণছ, মানচেষ্টাৰ চিটি, পেৰিছ চঁ জৰমেইন, ৰেচিং লুইচভিল আদি দলত খেলাৰ উপৰিও ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় ফুটবল দলত স্থান লাভ কৰে।

এতিয়ালৈকে দুই শতাধিক গ’ল কৰিবলৈ সক্ষম হোৱা নাদিয়াই ২০১৭ চনত ডেন অৱ দ্য য়েৰ বঁটাও লাভ কৰৰে । কিন্তু ফুটবলৰ উপৰিও অন্যানয কেেইবাটাও ক্ষেত্ৰত পাৰদৰ্শীতা দেখুৱাবলৈ সক্ষম হৈছে নাদিয়া । নাদিয়াই ডেনমাৰ্কৰ আৰ্হাছ বিশ্ববিদ্যালয়ৰপৰা চিকিৎসাশাস্ত্ৰৰ ডিগ্ৰী লাভ কৰিছে নাডিয়াই । তেওঁ ১১ টা ভাষাও জানে । ইয়াৰ উপৰিও তেওঁ মানব সেৱাৰ ক্ষেত্ৰতো যথেষ্ট সক্ৰিয় ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *