বিদেশী ভাষা শিকক আৰু নিজৰ কেৰিয়াৰক আগবঢ়াওক

ই আপোনাৰ অৰ্হতা বঢ়াই তোলে

বিশ্বায়নৰ যুগত বহুভাষিক হোৱাটো  এটা এনেকুৱা দক্ষতা যি আপোনাৰ বাবে মুকলি কৰি দিব পাৰে সম্ভাৱনাৰ বহুতো দুৱাৰ ইন্টাৰনেটত ৰেজিউমিৰ আৰ্হি বিচাৰি থাকোতে প্ৰায়ভাগ আৰ্হিতে আপুনি দেখিব ভাষাৰ উল্লেখ । বিদেশী ভাষা, বিশেষকৈ জাপানী অথবা কোনো ইউৰোপীয় ভাষাৰ জ্ঞানে আপোনাৰ দাম নিশ্চিতভাৱে বঢ়াই তুলিব ।  বিশেষকৈ বিদেশী প্ৰতিষ্ঠান বা আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাৰ সৈতে লেন-দেন কৰা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ই আপোনাক আৰু অধিক সুবিধা দিয়ে ।

 

অতিৰিক্ত কামৰ সম্ভাৱনা

বিভিন্ন স্থানত আন আন কামৰ লগতে মধ্যস্থতাকাৰী অথবা দোভাষীৰ কাম কৰিব পৰা দক্ষ লোকৰ প্ৰয়োজন হয় । বিভিন্ন ক্ষেত্ৰত দিনক দিনে দোভাষীৰ প্ৰয়োজন বাঢ়ি আহিছে ।  বহুভাষী সকলৰ সুবিধা এয়ে যে আপুনি এটা চাকৰি কৰিও দোভাষী বা মধ্যস্থতাকাৰী হিচাপে অতিৰিক্ত উপাৰ্জন কৰিব পাৰে

পদোন্নতিৰ সুবিধা বৃদ্ধি

বিদেশী ভাষাৰ দক্ষতাৰ বাবে আপোনাক আপোনাৰ ওপৰৱালাই গুৰুত্বপূৰ্ণ সভা সমূহলৈ লৈ যোৱাৰ সম্ভাৱনা বাঢ়ি যায় । লগে লগে বৃদ্ধি পায় আপোনাৰ প্ৰতিষ্ঠানৰ দৃষ্টিত আপোনাৰ মূল্য আৰু আপোনাৰ পদোন্নতি অথবা দৰমহা বৃদ্ধিৰ সম্ভাৱনাও ।

 সাংস্কৃতিক জ্ঞান

এটা বিদেশী ভাষা শিকা মানে আপুনি এখন দেশ বা এটা জাতিক ভালকৈ বুজিবলৈ অধিক সুবিধা পায় । তেওঁলোকৰ সংস্কৃতি, ধ্যান ধাৰণা, ইতিহাস, আৰ্থ-সামাজিক স্থিতি আচাৰ ব্যৱহাৰ আদি আপুনি তেওঁলোকৰ ভাষাত বুজিব পাৰে যি আপোনাক দিয়ে অতিৰিক্ত সুবিধা ।  এটা বিশেষ ভাষা চলা দেশৰ লোক সকলৰ সৈতে অথবা সেই ভাষাভাষী সকল বসবাস কৰা দেশখনৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত আপুনি অধিক দক্ষ হৈ উঠে যাৰ ফলত আপুনি আপোনাৰ প্ৰতিষ্ঠানৰ বাবে এক এৰাব নোৱাৰা সম্পদত পৰিণত হয় ।

বিদেশী ভাষা জনাৰ এয়া হৈছে কেইটামান সুবিধা । আজিকালি বিভিন্ন সৰু-বৰ নগৰে চহৰে বিদেশী ভাষা শিক্ষা পৰ্তিষ্ঠান গঢ়ি উঠিছে । ইন্টাৰনেটৰ মাধ্যমেৰেও বহুতো এনে পাঠ্যক্ৰম পোনা যায় । গতিকে বিদেশী ভাষা শিকক আৰু নিজৰ কেৰিয়াৰক অধিক আগুৱাই নিয়ক ।

Leave a Reply

Your email address will not be published. Required fields are marked *