নিৰ্মা: প্ৰতিষ্ঠাতাই নিজে ঘৰে ঘৰে বিক্ৰী কৰি স্থাপন কৰা এটা ব্ৰেণ্ড

‘ৱাশ্বিং পাউডাৰ নিৰ্মা, ৱাশ্বিং পাউডাৰ নিৰ্মা’ – এই জিঙ্গলটো বিগত কেইবা দশক ধৰি ভাৰতীয় টেলিভিছন দৰ্শকৰ অতি চিনাকী ।  ৱাশ্বিং পাউডাৰ নিৰ্মাৰ সফলতাৰ কাহিনী অতি চমকপ্ৰদ । এই কাহিনী এফালে এজন উদ্যমীৰ অধ্যৱসায়ৰ কাহিনী আৰু আনফালে নিজৰ জীয়ৰীক একালতে হেৰুউৱাৰ শোক বুকুত বান্ধি ৰখা এজন পিতৃয়ে জীয়ৰীৰ স্মৃতি অমৰ কৰিবলৈ কৰা প্ৰচেষ্টাৰ কাহিনী।

নিৰ্মা ব্ৰেণ্ডৰ প্ৰতিষ্ঠাতা কাৰ্চনভাই পেটেল । খেতিয়কৰ পৰিয়ালত জন্মা কাৰ্চনভাই আছিল এজন বিজ্ঞানৰ স্নাতক। কোনো এমবিএ ডিগ্ৰী বা ব্যাৱসায়িক প্ৰশিক্ষণ নথকা ১৯৬৯ চনত নিজৰ পিছ চোতালত ১০০ বৰ্গফুটৰ কোঠা এটাত আৰম্ভ কৰিছিল নিৰ্মাৰ প্ৰস্তুতিকৰণ ।  যেতিয়া নিৰ্মা আৰম্ভ হৈছিল তেতিয়া এই বজাৰখনত মাত্ৰ কেইটামান কোম্পানী আছিল । ইয়াৰে মূলতঃ বেছিভাগেই আছিল বহুজাতিক কোম্পানী  যি আঢ্যৱন্তসকলক লক্ষ্য কৰি ব্যৱসায় কৰিছিল । দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে ডিটাৰজেন্ট হাতেৰে ঢুকি পোৱা বস্তু নাছিল । আহমেদাবাদৰ খোকৰাৰ সমীপত কাৰ্চনভায়ে  ডিটাৰজেন্ট বনোৱা আৰম্ভ কৰিলে। ব্ৰেণ্ডটোৰ নাম দিলে নিৰ্মা ।  কম বয়সতে ইহসংসাৰ ত্যাগ কৰা তেওঁৰ জীয়ৰী নিৰূপমাৰ ঘৰত মতা নাম আছিল নিৰ্মা।প্ৰথমে চাইকেলেৰে  ঘৰে ঘৰে তেওঁ নিজৰ ৱাশ্বিং পাউডাৰ বিক্ৰী কৰিবলৈ ধৰিলে । দাম আছিল প্ৰতি কিলোগ্ৰামত তিনি টকা । সেই সময়ত আন ব্ৰেণ্ডৰ মূল্য আছিল গড়ে ১৩ টকা প্ৰতি কিলেগ্ৰাম ।

কোনো এমবিএ ডিগ্ৰী নাথাকিলেও কাৰ্চনভাইৰ ব্যাৱসায়িক কৌশল আছিল অদ্বিতীয় । আশীৰ দশকত  নিৰ্মাৰ ব্যৱসায় কিছু স্তিমিত হৈ পৰিছিল । ইয়াৰ পৰা মুক্তি পাবলৈ কাৰ্চনভায়ে এটা উপায় উলিয়ালে । তেওঁ বজাৰৰ সকলো নিৰ্মা ৱাশ্বিং পাউডাৰ নিজে কিনি পেলালে আৰু । ইয়াৰ পাছত তেওঁ আৰম্ভ কৰিলে সেই বিখ্যাত বিজ্ঞাপনটো যত দেখা গ’ল বগা ফ্ৰক পিন্ধা এজনী সৰু ছোৱালী আৰু শুনা গল সেই বি