আপোনাৰ ষ্টাৰ্টআপৰ বাবে বিনিয়োগকাৰীক কিদৰে আকৰ্ষণ কৰিব

প্ৰায় সকলোৰে মূৰত এতিয়া ষ্টাৰ্টআপৰ পোক । হয়তো আজিৰ দিনত আটাইতকৈ ব্যৱহৃত শব্দবোৰৰ অন্যতম হৈছে ষ্টাৰ্টআপ। এটা ষ্টাৰ্টআপ আৰম্ভ কৰাটো এতিয়া ভাতৰ লগৰ পানী খোৱাৰ দৰে কথা । কিন্তু ষ্টাৰ্টআপ এটা জীয়াই থাকিবলৈ লাগিব বিনিয়োগ । এইটো সত্য যে ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে আপোনাৰ হাতত পুঁজি থকাৰ প্ৰয়োজন নাই আৰু আপোনাৰ ব্যাৱসায়িক ধাৰণা ভাল হ’লে বিনিয়োগ আহিবই । কিন্তু আপুনি বিনিয়োগকাৰীৰ সন্মূখত উপযুক্ত ৰূপত আপোনাৰ ব্যাৱসায়িক ধাৰণাটোক দাঙি ধৰিব পাৰিব লাগিব । ফাণ্ডেবলৰ এটা সমীক্ষা মতে ১ শতাংশতকৈও কম ষ্টাৰ্টআপে এঞ্জেল ইনভেষ্টৰ পাবলৈ সক্ষম হয় আৰু ০.০৫ শতাংশইহে ভেঞ্চাৰ কেপিটেলিষ্টৰ বিনিয়োগ পাবলৈ সক্ষম হয় । প্ৰায় ১২০০ প্ৰস্তাৱ পৰীক্ষা কৰি তাৰপৰা ১০ টা ষ্টাৰ্টআপ বিচাৰি উলিয়ায় ভেঞ্চাৰ কেপিটেলিষ্টসকলে ।

এনে ধৰণৰ প্ৰতিযোগিতাত তিষ্ঠি থাকিবৰ বাবে এটা সঠিক ইনভেষ্টৰ পিটছ অৰ্থাৎ বিনিয়োগকাৰীৰ উদ্দেশ্যে জনোৱা আবেদন প্ৰস্তুত কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কথা । এটা পিটছ লিখাৰ বাবে প্ৰথমে জানিব লাগিব বিনিয়োগকাৰীয়ে কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ সিদ্ধান্ত লয় । প্ৰতিজন বিনিয়োগকাৰীৰ নিজা দৃষ্টিভঙ্গী আৰু বিনিয়োগ নীতি থাকে যদিও বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত কিছুমান উমৈহতীয়া কাৰক আছে। একো একোজন বিনিয়োগকাৰীয়ে এই কাৰকবোৰৰ ওপৰত দিয়া গুৰুত্ব ভিন্ন ভিন্ন হয় যদিও সমাগ্ৰিকভাৱে এই কাৰকবোৰ বিনিয়োগৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ । সেয়েহে ইনভেষ্টৰ পিটছ লিখাৰ আগতে কোনোবৰ প্ৰশ্ন বিনিয়োগকাৰীৰ মনত উদ্ভৱ হয় সেয়া জানি লোৱা ভাল । এই প্ৰশ্নবোৰৰ উত্তৰ স্পষ্টভাৱে পিটছটোত থাকিলে বিনিয়োগৰ সম্ভাৱনা লগে লগে বাঢ়ি যায় ।

আপোনাৰ ব্যাৱসায়িক ধাৰণা, সেৱা বা সামগ্ৰীবিধে কোনটো সমস্যাৰ সমাধান কৰিব ?

  • সমস্যাটো বাস্তৱ হয় নে নহয় ?
  • এই সমস্যাটো কাৰ ?
  • এই সমস্যা কিমান গুৰুতৰ ?
  • এই সমস্যাৰ সমাধানৰ বাবে মানুহে ধন ব্যয় কৰিব নে নকৰে?

এই প্ৰশ্নকেইটাৰ উত্তৰে আপোনাৰ ধাৰণাটোৰ গ্ৰাহক সম্পৰ্কে এখন স্বচ্ছ ছবি দাঙি ধৰিব । আপুনি নিজে এই সমস্যাৰ সন্মূখিন হৈছিল নেকি? অথবা আন কাৰোবাক এই সমস্যাৰ সন্মূখিন হোৱা দেখিছিল  নেকি ? ইয়াৰ ফলতে আপোনাৰ মনলৈ এই ধাৰণাটো আহিল নেকি ? যদি তেনে হয় সেই কথা বিনিয়োগকাৰীক জনাওক । ই আপোনাৰ ধাৰণাটোক অধিক বিশ্বাসযোগ্য ৰূপত ডাঙি ধৰিব ।

আপোনাৰ সামগ্ৰীবিধ, সেৱা অথবা ব্যাৱসায়িক ধাৰণাটোৱেই এই সমস্যাৰ সঠিক সমাধান নে?  

  • বজাৰত উপলব্ধ আন আন সমাধানবোৰ কি কি?
  • ইয়াৰে কেইটা সমাধান আপুনি পৰীক্ষা কৰি চাইছে ?
  • আপোনাৰ সমাধানটো এইবোৰতকৈ কেনেকৈ বেলেগ আৰু কিয় ভাল?

আপোনাৰ সামগ্ৰী, সেৱা বা ধাৰণাটোৰ বজাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা কিমান?

  • আপোনাৰ সামগ্ৰী, সেৱা বা ধাৰণাটোৰ বজাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা আছে নে নাই?
  • ইয়াৰ সামগ্ৰিক বজাৰখন কিমান ডাঙৰ?
  • বজাৰৰ কোনটো অংশ আপোনাৰ লক্ষ্য হিচাপে লৈছে (target segment)?
  • বজাৰখনৰ আপুনি দখল কৰিব পৰা অংশটো সম্পৰ্কে আপোনাৰ পূৰ্বানুমান সঠিক নে?
  • বজাৰখন দখল কৰিবলৈ আপোনাৰ ৰণনীতি কি?
  • আপোনাৰ প্ৰতিদ্বন্দীসকল কোন কোন আৰু কিমান শক্তিশালী ?
  • প্ৰতিদ্বন্দীৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ আপোনাৰ নীতি কি?

সমস্যাটোৰ সমাধান কৰিবলৈ আপোনাৰ কৰ্মীদল সক্ষম নে ?

  • এই সমস্যাৰ সমাধান দিবলৈ আপোনাৰ কৰ্মীদলটো কিয় উপযুক্ত?
  • আপোনাৰ কৰ্মীদলৰ সদস্যসকলৰ দক্ষতা কি ?
  • একোটা ধাৰণাক লাভজনক ব্যৱসায়লৈ পৰিণত কৰাৰ ক্ষেত্ৰত আপোনাৰ দলটোৰ অভিজ্ঞতা কেনেকুৱা?
  • এই উদ্যোগটোৰ ক্ষেত্ৰত আপোনাৰ বিশেষ কিবা দক্ষতা আছে নে?
  • আপোনাৰ উদ্যোগটোত হৈ থকা বিভিন্ন পৰিৱৰ্তন সম্পৰ্কে আপুনি সচেতন নে ?
  • আপোনাৰ কৰ্মীদলৰ দায়বদ্ধতা কিমান?
  • আপুনি প্ৰয়োজন অনুসৰি আনৰপৰা পৰামৰ্শ আৰু মাৰ্গদৰ্শন লবলৈ প্ৰস্তুত নে?
  • আপোনাৰ আৰু আপোনাৰ অংশীদাৰসকলৰ মাজত চিন্তাধাৰাৰ মিল আছে নে ?

এই প্ৰশ্নকেইটাৰ উত্তৰৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে আপোনাৰ ষ্টাৰ্টআপটোৰ প্ৰতি বিনিয়োগকাৰীসকলৰ মনোভাৱ ।  অকল ধাৰণাটো ভাল হলেই তেওঁক বিনিয়োগৰ প্ৰতি আগ্ৰহী নহ’ব যদিহে উদ্যোগটো সম্পৰ্কে উদ্যমীসকল জ্ঞাত নহয়, ধৈৰ্যশীল নহয়, মৰ্গদৰ্শন ল’বলৈ প্ৰস্তুত নহয় ।

আপোনাৰ ধাৰণাক কাৰ্যত পৰিণত কৰিবলৈ আপুনি সক্ষম নে?

  • আপুনি ইতিমধ্যে কি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ?
  • বিক্ৰীৰ পৰিমাণ, ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি, বিনামূলীয়া সেৱাৰ পৰা পেইড সেৱালৈ পৰিৱৰ্তিত গ্ৰাহকৰ সংখ্যা ইত্যাদিৰ পৰিসংখ্যা কেনেকুৱা?
  • আপোনাৰ ৰাজহ আহৰণৰ আৰ্হিটো কি?
  • গ্ৰাহক বৃদ্ধিৰ বাবে আপুনি কি কৰে আৰু ইয়াৰ বাবে খৰচ কিমান?
  • এজন গ্ৰাহক লাভ কৰাৰ খৰচৰ বিপৰীতে এজন গ্ৰাহকৰ মূল্য কিমান?
  • আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে আপুনি বিশেষ কিবা বুজাবুজি গঢ়িছে নেকি?

আপুনি যি ৰিষ্ক লব সি লোৱাৰ উপযুক্ত নে?

  • আপুনি যি বিনিয়োগকাৰীৰ ওচৰ চাপিছে তেওঁলোকৰ চিন্তাধাৰাৰ সৈতে আপোনাৰ ব্যৱসায়ৰ মিল আছে নে?
  • আইনগত সমস্যা, পেটেন্ট ইত্যাদিৰ সমস্যা সম্পৰ্কে আপুনি জ্ঞাত নে ?
  • বিপদ কমাবলৈ আপোনাৰ কিবা ৰণনীতি আছে নে?
  • আপোনাৰ ধাৰণাটোৰ শেহতীয়া বজাৰ ট্ৰেণ্ডৰ সৈতে মিল আছে নেকি?
  • আপোনাৰ ধাৰণাটোতকৈ নতুন কিবা এটা ধাৰণাই বজাৰখনত বিঘটন (disruption) সৃষ্টি কৰাৰ সম্ভাৱনা কিমান?
  • আপোনাৰ এক্সিট প্লেন ( বিনিয়োগকাৰীক তেওঁৰ পইচা ঘূৰাই দি বিদায় দিয়াৰ আঁচনি কি?)

একোজন বিনিয়োগকাৰীয়ে বিনিয়োগ কৰাৰ আগতে কোনবোৰ দিশ চালি-জাৰি চায় তাৰ এটা সম্যক ধাৰণাহে দিবলৈ যত্ন কৰা হৈছে । সকলো বিনিয়োগকাৰীয়ে যে এইবোৰ দিশতেই মনোযোগ দিব তেনে কোনো নহয় । এইবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিলে নিশ্চিতভাৱে বহু বিনিয়োগকাৰীক আকৰ্ষণ কাৰত ই বহু সহায় হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *