মুক্ত আকাশ (উপন্যাস)
গায়ত্ৰী গোস্বামী:
এক
দীঘল ঠোটৰ বৰটোকোলাটো ক’ৰবাৰ পৰা আহি ডালটোত পৰিলহি। বাহটোলৈ চাই সি এটা সন্তুষ্টিৰ হাঁহি মাৰিলে। ঠিকে আছে। এটাইকেইটা পোৱালিয়ে বাহটোত চিঁ চিঁয়াই খেলি আছে। তাৰ মনটো আনন্দেৰে ভৰি পৰিল। এখন ভৰি ডাঙি আনখন ভৰিত গাৰ ভৰটো দি সি দূৰলৈ চাই পঠিয়ালে।
“ককাদেউতা! আজি তুমি আমাক একো নোকোৱা? ”
বৃহৎ গছডালৰ আন এটা ডালত বগলী এহাল পৰি আছিল। সিহঁতে বাহ এৰি ডালত পৰিবলৈ লোৱাৰ বেছিদিন হোৱা নাই। সদায় বৰটোকোলাটোক দেখিলেই সিহঁতৰ প্ৰশ্নৰ ওৰ নপৰা হয়। কিমান যে কাহিনী ক’বলগা হয় সি। কৌতুহলী মনৰ বাবেই আজিকালি বৰটোকোলাটোৱেও বগলীহালক ভালপায়। ভালকৈ উৰিব পৰা হলেই সিহঁত হেনো বহুদূৰলৈ উৰি যাব। গছডালৰ কাষেদিয়েই বৈ যোৱা বিশাল নদীখনৰ উজনিলৈ, দূৰণিৰ ৰিণিকি ৰিণিকি পৰ্বতলানিৰ সিপাৰলৈ সিহঁত হেনো উৰি উৰি গুচি যাব।
বৰটোকোলাই হাঁহি হাঁহি মূৰ দুপিয়াই কয় -“যাবি। চৰাইৰ উৰিবলৈকে জন্ম। ”
” তেতিয়া হ’লে তুমি উৰি নোযোৱা কিয়? “-ডালত পৰি সিহঁতৰ কথা শুনি থকা ধনেশটোৱে জপিয়াই জপিয়াই সোধে। “নাতিহঁতৰ মায়াত অ’।”- মতা বগলী পোৱালিটোৱে গহীনকৈ কয়। বৰটোকোলাটোৰ মনটো ভৰি পৰে। এৰা!এই গছজোপাৰ মায়াত সি মজি আছে। গছজোপা সি এৰি যাব নোৱাৰে। অনামী এক মোহৰ মাজত সি বন্দী হৈ আছে ক’ব নোৱাৰাকৈয়ে।
” ককাদেউতা কিবা ক’বানে আজি? ” -মাইকী বগলী পোৱালীজনীয়ে তাৰফালে চাই প্ৰায় চিঞৰি উঠিল।
” ক’ম ক’ম, ৰ। ” বৰটোকোলাটোৱে ডাঙি থকা ঠেংটো নমালে। কি ক’ব ভাবি সি দীঘল ডিঙিটো এবাৰ ঘূৰাই ল’লে।” ককাদেউতা! আজি নহ’লে সেই পাহাৰৰ সিপাৰৰ কথাকে কোৱা ।” দীঘল টিকনিৰ বগলী এটা আহি গছজোপাত পৰিবলৈ লৈ চিঁ চিঁয়াই ক’লে। “নহয় নহয় , নদীখনৰ সাধু কোৱা।” কোনোবা এটা পাতৰ মাজত ক’লা গাটো লুকুৱাই কুলিজনীয়ে সুহুৰিয়ালে। তাইৰ কথা শেষ নহওতেই দহিকতৰাটোৱে খেচখেচাই উঠিল। “নালাগে নালাগে ককাদেউতা, আজি তুমি আমাৰ এই গছজোপাৰ কথা কোৱা। ”
বৰটোকোলাটোৱে হা হাকৈ হাঁহি দিলে। অলপপৰ সকলোৱে নিতাল মাৰি তালৈ চালে। হাঁহি সামৰি সি সকলোলৈকে চাই কলে -” সব ক’ম। এফালৰ পৰা ক’ম। আজি বাৰু তহঁতে এই গছডালৰ কথাকে শুন”।
এইবুলি বৰটোকোলাটোৱে আৰম্ভ কৰিলে তাৰ ৰসাল কাহিনী। বয়োবৃদ্ধ জীৱনটোত সি দেখি অহা, আৰু শুনি অহা অলেখ কথাৰ মেটমৰা ভঁৰালটোৰ কপাটখন সি লাহে লাহে মেলিবলৈ ধৰিলে।
বৰবৰুৱাৰ ডাঙৰ নাতি বীৰবৰ। নামে কামে বীৰ।ককাদেউতাকৰ কথা গৰকা গুণটো তাৰ গাত বাৰুকৈয়ে আছে। সেয়েহে অঞ্চলটোৰ ৰাইজে কেৱল বৰবৰুৱাৰ পো-নাতি বুলিয়েই নহয় তেওঁৰ ব্যক্তিত্বৰ বাবেও সমীহ কৰে। কাৰোবাৰ বিপদ হলে বীৰক মাতিব নালাগে, নিজেই গৈ সহায় কৰেগৈ। বগা বঙালে দেশ লোৱাৰ পিছত বৰবৰুৱাৰ আগৰ প্ৰতিপত্তি নোহোৱা হ’ল। তথাপি সমাজত পৰম্পৰাগতভাবে ঘৰখনে সন্মান পাই আহিছে। সেই সন্মান ৰক্ষাৰ দায়িত্ব বীৰে পালন কৰিছে। নাই ,বৰবৰুৱাৰ বীৰক লৈ কোনো চিন্তা নাই। এটাই মাত্ৰ চিন্তা তালৈ ঘৰধৰা ছোৱালী এজনী বিচাৰি উলিওৱা। অ’ৰ -ত’ৰ পৰা দুই এটা খবৰ আহিছে কিন্তু বৰবৰুৱাৰ মনে মিলা নাই।
চ’ৰাঘৰৰ বৰপীৰা খনত বহি বৰবৰুৱাই সেইবোৰ কথাকে ভাবি আছিল। তেনেতে বোৱাৰীয়েকে আহি তেওঁক মনত পেলাই দিলেহি সখীয়েকে মাতি থৈ যোৱাৰ কথা। বৰপীৰাৰ পৰা উঠি তেওঁ ভিতৰলৈ সোমাই গ’ল। যাওঁতে বোৱাৰীয়েকক কৈ গ’ল -” বীৰো ওলাওক। বাটৰ লগ হ’ব। ”
বয়সত ডেকা হ’ল যদিও বীৰে ককাকৰ লগত ফুৰিবলৈ গৈ এতিয়াও ভাল পায়। ককাক তাৰ আদৰ্শপুৰুষ। যাওঁতে বাটত তেখেতে তাক কিমান যে নজনা কথা শিকাই যায়, নিচিনা বস্তু চিনাই যায়।
সেইদিনাও বীৰক বৰবৰুৱাই কৈ গৈছিল নানা কথা। ককাকৰ সখীয়েকৰ ঘৰ পোৱাৰ আগতে বাটটোৱে ভাজ এটা লৈছে। ভাজটো শেষ হ’লেই দীঘল পদূলিটোৰে সিহঁত সোমাই যাব। বেলি মূৰৰ ওপৰলৈ উঠিবৰে হ’ল। বাটত কেও কিছু নাই। হঠাতে বাটৰ সিপাৰৰ হাবিখনৰ পৰা কেইজনীমান ছোৱালী ওলাই আহিল। হাবিৰ পৰা ওলায়েই সমুখতে বীৰবৰহঁতক দেখি সিহঁতে থতমত খালে। “অ বালক! মানুহ দেখোন”।কোনোবা এজনীয়ে কথাষাৰ কৈ উভটি হাবিৰ ফালে লৰ ধৰিলে। তাইৰ পাছে পাছে গোটেই জাক ছোৱালীয়ে ঢাপলি মেলিলে।
ককাকৰ সখীয়েকৰ ঘৰত দুপৰীয়াটো কটাই বেলি লহিওৱাৰ পৰত বীৰবৰহঁত ঘৰলৈ উভটিল।
ককাকৰ মনত আনন্দ। সখীয়েকৰ লগত সময় কটোৱাৰ আনন্দ। বীৰবৰৰ মনতো আনন্দ। ককাক সুখী হোৱাৰ বাবে আনন্দ।
ৰাতি বীৰবৰ যেতিয়া বিচনাত পৰিল তাৰ চকুৰ আগত ভাঁহি উঠিল এহালি কলাফুল। বগা নিটোল সেই কলাফুলহাল খোজৰ লাচত কঁপিল। বুকুত মৰা তিতা মেথনিখন গাত লিপিত খাই থকাৰ বাবে খোজবোৰ যেন থমকি ৰ’ব খুজিছে। তাৰ কাণত যেন বাজি উঠিছে — অ’ বালক——।
” হেই! কি হৈছে এইবোৰ।” বীৰবৰে নিজকে ধমকি দিলে। শিতানৰ ঘটিটোৰ পৰা পানী এঢোক খাই সি শুবলৈ যত্ন কৰিলে।
ভাদ , আহিন পাৰ হৈ কাতিৰ শেষত আঘোণ সোমাওঁতেই ককাকৰ সখীয়েকৰ নাতিনীয়েক লখিমী বীৰবৰৰ পত্নী হৈ বৰবৰুৱাৰ ঘৰত সোমাল। লখিমীয়ে কথাই প্ৰতি যে কয় -“অ বালক” কথাষাৰ ঘৰখনৰ সকলোৰে আমোদৰ বিষয় হৈ পৰিল।
বৰবৰুৱাৰ চিন্তা শেষ হ’ল। বৰবৰুৱা সুখী। তেওঁৰ পুতেক বোৱাৰীয়েক সুখী। আৰু বীৰবৰ !বীৰবৰৰ খোজে কাটলে, মাতে কথাই সুখৰ উভৈনদী। আৰু কি লাগে? কি লাগে আৰু বৰবৰুৱাক।
সেই সুখৰ মাজতে এবছৰ গ’ল। দ্বিতীয় বছৰো গ’ল। তৃতীয় বছৰত বৰবৰুৱাৰ বোৱাৰীয়েকে ঘৰত কেবাভাগো পূজা সেৱা পতালে। চতুৰ্থ বছৰত বৰবৰুৱাই মনৰ আশা মনত লৈয়ে চকু মুদিলে। লখিমী সন্তান সম্ভৱা নহ’ল।
সমাজত বীৰবৰ যেন কিছু লঘু হবলৈ ধৰিলে। কি কৰিব সি? কেনেকৈ তাৰ বংশ ৰক্ষা হ’ব?তাৰ বাপেক-ককাকৰ পিণ্ড কোনে দান কৰিব? অসাৰ! তাৰ এই জীৱনটো একেবাৰে সাৰহীন হৈ পৰিল। সেই অসাৰ জীৱনটোকে লৈ লখিমী আৰু সি পোন্ধৰ- বিশ বছৰ সংসাৰ কৰিলে।
সেই বীৰবৰেই এদিন ক’ৰবাৰ পৰা আহোতে এটা আঁহত গছৰ পুলি লৈ আহিল। পুলিটো নিজৰ বাটচ’ৰাৰ মুখতে নিজ হাতেৰে ৰুলে। পুলিটো যেতিয়া অলপ ডাঙৰ হ’ল, তেওঁ ব্ৰাহ্মণ মাতি পুলিটো লগুণ পিন্ধালে। নিজৰ গোত্ৰ, পৰ্বৰে লগুণ বান্ধি তেওঁ সেই পুলিটোকে নিজৰ পুত্ৰ কৰি ল’লে। “দশ পুত্ৰ সম বৃক্ষ। ”
গতিকে তেওঁ আৰু সন্তানহীন নহয়।
কালক্ৰমত বীৰবৰ ঢুকাল। বীৰবৰ নোহোৱা জীৱনটো টানি থাকিব নোৱাৰি লখিমীয়ে সেই গছডালতে চীপজৰী ল’লে। লখিমীয়ে নিজৰ পুতেকৰ দৰে মৰম কৰা সিহঁতৰ হালোৱাটো বহুদিনলৈ সেই গছজোপাৰ তলতে শুই বহি থকা হ’ল। মানুহে ক’লে তাক হেনো ভূতে ধৰিলে। বৰবৰুৱাৰ বাৰী প্ৰথমতে এৰাবাৰী, তাৰপিছত বৰুৱা হাবি আৰু ” ৫০ৰ ভূমিকম্পৰ” পিছত নৈখনে গতি সলাই হাবিখনৰ সিপাৰে বৈ যোৱাৰ পিছত এখন বিশাল অৰণ্য হৈ পৰিল। সেই অৰণ্যৰ মাজত বৰুৱা বৰ নাম লৈ আজিও আহঁতজোপা আছে।
“আৰু সেই বৰুৱাবৰেই এতিয়া আমাৰ আশ্ৰয় স্থল।” -ইমান পৰে টলকা মাৰি কথা শুনি থকা টিকনি থকা বগলীটোৱে ক’লে। সকলোৱে তাৰফালে চালে।
” জানা ককাদেউতা !আমাৰ ককাই কৈছে বীৰবৰে আহঁতৰ লগুণদিয়নী বহুত ডাঙৰকৈ পাতিছিল। পাঁচ টা ছাগলী কাটি ভোজ দিছিল। ককাই হেনো সেই ভোজৰ পিছত এমাহলৈ একো খাব পৰা নাছিল। “– কাউৰী জনীয়ে ৰমলিয়াই ৰমলিয়াই ক’লে।
“ধেই! মিছা কথা নকবি। লগুণদিয়নীত মাংস নুখুৱায়। যা তই ইয়াৰপৰা। ” ধনেশটোৱে তাইক
দবিয়ালে।
” ওঁ—-! মোৰ কথা বিশ্বাসেই নকৰে। সি হে বৰ জানে। কটা এচকুৱা। ”
কাউৰীজনীয়ে ফেপেৰি পাতিলে। কি কৈছ বুলি ধনেশটোৱে তালৈ চোঁচা ল’লে। কাউৰীজনী উৰি গ’ল। ধনেশটো পাছে পাছে গ’ল।
“ঐ সাপ সাপ সাপ” —! শালিকীজনীয়ে চিঞৰি উঠিল। সবেই শালিকীজনীয়ে চাই থকাৰ ফালে চাই দেখিলে এডাল দীঘল সাপ বগুৱা বাই আহি বৰটোকোলাৰ নাতিনীকেইটাই খেলি থকা বাহটোৰ ওচৰ চাপিছে। নিমিষতে গোটেইজাক চৰায়ে হুৱা দুৱা লগালে। বৱটোকোলাটো উৰি গৈ দীঘল ঠেংটোৰে সাপটোৰ মুৰটো হেঁচা মাৰি ধৰিলে। সাপটো দলিয়াই দি সি চৰাইজাকলৈ চালে।.
(ক্ৰমশঃ)