মুক্ত আকাশ ( ২য় খণ্ড)
গায়ত্ৰী গোস্বামী
“তোমাৰ নাতি নাতিনী হাল ক’ত চৰি ফুৰিছেগৈ নো? বাহত পোৱালী এৰি এনেকৈ ঘূৰি ফুৰিব লাগেনে?”
টিকনি থকা বগলীটোৱে অলপ উষ্মাৰে ক’লে।
“নহয় অ’। মই আছো কাৰণে সিহঁত নিশ্চিন্ত হৈ আছে আৰু। ” বৰটোকোলাটোৱে শান্ত সুৰত উত্তৰ দিলে।
“ককাদেউতা! তুমি যিয়েই নোকোৱা তোমাৰ নাতি বোৱাৰীজনীক মোৰ সমূলি ভাল নালাগে। ইমান বেছি বেছি কৰে। ” টোকোৰা চৰাইটোৱে ওলমি থকা বাহটোৰ তলৰ বাটটোৰে ভুমুকিয়াই উত্তৰ দিলে।
” ঐ তই মনে মনে থাক। ডাঙৰৰ কথাৰ মাজত মাত মাতিবলৈ লাজ নালাগে। ” ধনেশটোৱে টোকোৰাটোক দবিয়ালে। টোকোৰাটোৱে মুখখন ক’লা কৰি বাহটোৰ ভিতৰ সোমাল।
ধনেশটোৱে গোটেইবোৰ চৰাইকে শাসন কৰি থাকে। সি জানে সকলোৱে বেয়া পালেও ককাদেউতা সদায় তাৰ ফলীয়া। সি অলপ সময় ইফালে সিফালে চাই ভুৰুংকৈ উৰা মাৰিলে।
“এই ধনেশটো গুৰু গোসাঁই নমনা হৈ পৰিছে। সবৰে লগত কাজিয়া। ” –টিকনি থকা বগলীটোৱে উৰি যোৱা ধনেশটোলৈ চাই ভোৰভোৰালে।
“এৰা! তাৰ মনত কিবা এটা খং সোমাই আছে বুজিছা। ” বৰটোকোলাটোৱে হুমুনিয়াহ চাৰি ক’লে।
” গছজোপাৰ প্ৰতিটো চৰায়ে তাক ভালপায়। আৰু তথাপি অদেখাজনৰ অন্যায় বিধান যে সি সহিবলগীয়া হ’ল। সেইবাবেই তাৰ খং ছাগে। ” বগলীটোৰ মনত ধনেশটোৰ প্ৰতি কিবা এটা দৰদ জাগিল।
বৰটোকোলাটোৱে অলপ সময় উদাসভাৱে
দূৰলৈ চাই থাকিল। এটা আতংকময় আবেলিৰ ছবি এখন তাৰ মনলৈ আহিল।
গছবোৰত নতুনকৈ কুঁহিপাত মেলিছিল। অনামী ফুলৰ গোন্ধ হাবিখনত উৰি ফুৰিছিল। ক”ৰবাৰ পৰা আহি কুলি, কেতেকী আৰু দহিকতৰা চৰাই কেইহালমানে গছজোপাত আশ্ৰয় লৈছিলহি । বৰটোকোলাটোৱে দেখিছিল ওচৰৰ গছ এজোপাত চিকচিকিয়া হালধীয়া ঠোটৰ ধনেশ এহাল পৰিছিলহি।
ধনেশহাল বেচ ৰঙীয়াল। ডাঙৰ পাতৰ গছজোপাৰ কুঁহিপাতবোৰত বাগী দি দি সিহঁতে কি যে মনোমোহাকৈ নাচে। সি আপোনপাহৰা হৈ চায়।
” ককাদেউতা ধনেশটোৰ দেউতাকো বৰ খঙাল আছিল নেকি? ” ধকধককৈ বগা চিলচিলীয়া মাইকী বগলী পোৱালিটোৱে বৰটোকোলাক সুধিলে।
” নাছিল অ’। বৰ শান্ত আছিল হালেই। আনক কেতিয়াও অসুবিধা কৰা নাছিল। বৰটোকোলাটোৱে কৈ গৈছিল ।
সিহঁতে কিজানি বৰটোকোলাটোলৈ ভয় কৰিছিল। মাইকীজনীয়ে তাক দেখিলে দূৰতে বিদূৰ হৈছিল। মতাটোৱে কেতিয়াবা তাৰ ফালে চাই মূৰ দুপিয়াইছিল।
তেনেকৈ থাকোতে এদিন বৰটোকোলাই মন কৰিলে মতা চৰাইটো কেইদিনমান অকলে অকলে ফুৰিছে। অভিজ্ঞ বৰটোকোলাটোৰ মুখেৰে এটা হাঁহি বিৰিঙিল। সি বুজিলে ধনেশজনী উমনিত বহিছে।
সেইদিনা হঠাতে আকাশখন বৰ গোমা কৰি আহিল। বতৰৰ ৰূপ দেখিয়েই গম পোৱা গ’ল ধুমুহা আহিব। য’তে আছিল ত’ৰ পৰাই চৰাইবোৰ গছজোপালৈ লৰালৰিকৈ ঘূৰি আহিল। হঠাতে গছ বোৰ জোৰেৰে হালি জালি উঠিল। আকাশত জুইৰ দৰে ৰঙা বিজুলীৰ চমক দেখি ডাৱৰে গৰজিবলৈ ধৰিলে। সৰু সৰু চৰাইবোৰে নিতাল মাৰি অদেখাজনক স্মৰণ কৰিবলৈ ধৰিলে। সেই কাল সময়ত মাইকী ধনেশজনী বাহৰপৰা ওলাই আহিল।
“কোনোবাই ধনেশটোক দেখিছিলানে?” আকুল হৈ তাই চৰাই বোৰক সুধিলে। চৰাইবোৰে একো নামাতিলে।” কোৱাচোন, কোনোবাই ধনেশটোক দেখিছিলানে” -তাই কান্দিবলৈ ধৰিলে। ধুমুহা বৰষুণে কাক উৰুৱাই নি ক’ত পেলাইছে ঠিক নাই। গছৰ ডাল ভাগিছে, চৰাইৰ বাহ ভাগিছে। প্ৰকৃতিৰ নিৰ্মম তাণ্ডৱ সকলোৱে মাথো চাই ৰৈছে।” আইঔ মোৰ পোনাটো ঔ।” ধনেশজনীয়ে প্ৰাণৰ কাতৰে চিঞৰি নিজৰ বাহটোৰফালে ঢাপলি মেলিলে। তাইৰ বাহটো থকা গছজোপা হুৰমূৰকৈ ভাগি পৰিছিল। চৰাইজনীক বতাহে কোবাইছিল। ভাৰসাম্য হেৰুৱাই তাই মাটিত পৰি গৈছিল। গছৰ ডাল এটাই তাইক হেচা মাৰি ধৰিছিল।
বৰটোকোলাটোৱে বতাহ বৰষুণ কাটি কৰি উৰি গৈ ধনেশৰ বাহটো ঠোটেৰে ধৰি বৰুৱা বৰৰ ডাল এটালৈ লৈ আহিছিল।
ধুমুহা শাম কটাৰ পিছত সি মাইকী ধনেশ জনী পৰি থকা ঠাইলৈ গৈছিল। সেহাই সেহাই তাই বৰটোকোলাক কৈছিল “-মোৰ পোনাটোক তুমি খাই নেপেলাব দেই। তাক ডাঙৰ কৰিবা। “বৰটোকোলাই মৃত্যুৰ দুৱাৰদলিত থকা চৰাইজনীক কৈছিল -পৃথিৱীত সকলো বেয়া নহয়। তুমি পোনাটিৰ বাবে চিন্তা নকৰিবা। আজিৰপৰা মই তাক চাম।” চৰাইজনীয়ে
চকু মুদিছিল।
” আৰু সেই সৰুতে কণমানি ধনেশটোৰ এটা চকু নষ্ট হৈছিল। ” বৰটোকোলাৰ কথাৰ শেষত বগলীয়ে ক’লে। তেনেতে তলৰ ডাল এটাত পৰি ধনেশটোৱে ঠোটটো গছত আফালি আফালি কান্দিবলৈ ধৰিলে। টোকোৰা চৰাইজনী বাহটোৰ মুখত ৰ’লহি। বগলী পোৱালিহাল উৰি গৈ ধনেশটোৰ কাষত পৰিলগৈ।
ধনেশটোৰ কাষত পৰি মাইকী বগলী পোৱালীজনীয়ে তাক শান্তনা দিবলৈ কি কৰিব ভাবিলে। তেনেতে গছৰ ধোন্দটোৰ পৰা সেউজীয়া পাখিৰ ৰঙা ঠোটৰ ভাটৌজনী ওলাই আহিল।
” পুৰুষৰ চকুত চকুপানী ভাল নালাগে দেই। আমি কিমান দুখ পাওঁ —কান্দি থাকিলে দুখবোৰ শেষ হৈ নাযায় নহয়। “—ভাটৌজনীয়ে ধনেশটোক কলে।
ধনেশটোৱে উচুপি উচুপি ভাটৌটোলৈ চালে । ভাটৌটো উৰি গৈ গছজোপাৰ তলৰ ডাল এটাত পৰি “টেঁ ” বুলি মাত এটা মাতিলেগৈ।
আকাশৰ সীমনাত ডাঙৰ কাঁহী এখন হৈ বেলিটো মাৰ যাবলৈ ওলাইছে। বৰনদীখনৰ বিশাল বুকুখনত ফাকুগুৰি এসোপা যেন কোনোবাই ছটিয়াই দিছে। গছজোপাৰ সৰু সৰু চৰাই বোৰে কিচিৰ -মিচিৰ শব্দেৰে সমূহীয়া সান্ধ্য বন্দনা আৰম্ভ কৰিছে। বৰটোকোলাটোৰ নাতি আৰু বোৱাৰীজনী বৰ ব্যস্তভাবে আহি বাহটোৰ পোৱালি কেইটাক আহাৰ খুৱাইছে। বগলীহালৰো মাক দেউতাক কৰবাৰ পৰা আহি গছজোপাত পৰিলহি।
আকাশেদি শাৰী পাতি এজাক বনহাঁহ কৰবালৈ উৰি গৈছে ।
বগলী পোৱালিহাল মাক দেউতাকৰ কাষলৈ গ’ল গৈ। বৰটোকোলাটো আহি ধনেশটোৰ কাষত পৰিলহি। ধনেশটোৱে তেতিয়া উদাসভাৱে দূৰ আকাশলৈ চাই আছিল।
“আহ! বেলিটো লুকাই যোৱাৰ আগতে এবাৰ লৰিয়লিহাল চাই আহোঁগৈ। ” বৰটোকোলাই জানে নদীখনৰ এৰাসূঁতিটোৰ পানী যুৱলিত বাহ সজা লৰিয়লি চৰাই হালৰ প্ৰতি ধনেশটোৰ বৰ মৰম। তাতে সিহঁতৰ পোৱালি এবাহো আছে। সিহঁতক জোকাই সি ভাল পায়।
ককাদেউতাকৰ কথা অমান্য কৰিবলৈ ধনেশটোৰ মন নগ’ল ।মনটো দুখেৰে ভৰি আছে। কিন্তু তাৰ দুখ দেখি ককাকে ভাল নাপাব। এনেয়ে অকণমান উৰি গৈ সি সূঁতিটোৰ কাষৰ গছজোপাত পৰিলগৈ। বৰটোকোলাটোও তাৰ কাষতে পৰিল। এটা সময়ত বুঢ়া চৰাইটোৱে ঠোঁটটো বুকুত গুজি চকু দুটা মুদি দিলে। ধনেশটো ককাকৰ একেবাৰে কাষচাপপি গ’ল।
মুক্ত আকাশখন জোনটোলৈ এৰি দি বেলিটো কৰবালৈ গুচি গ’ল। পানীৰ সাৰেং-শৰালি,ডালৰ কপৌ- কেতেকী, বাহৰ টোকোৰা -পাতসিয়া সকলোৱে নতুন উজ্জ্বল পুৱা এটালৈ বাটচাই থাকোতেই নিদ্ৰাদেৱীয়ে আকোৱালি ধৰিলে। কোনোবা কোনোবাই ৰাতি পৰে পৰে মাত মাতি পৃথিৱীখনক কিবা কিবি কৈ থাকিল।